মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত কাৰ্য্যসূচীসমূহ

সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূটীসমূহ (বি.এ.ডি.পি.)

  • ২০১৫-১৬লৈ ১০০ শতাংশই কেন্দ্ৰীয়ভাৱে বিত্তৰ যোগান প্ৰাপ্ত আৰু সদ্যহতে ৯০:১০ অনুপাতত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা সংযুক্ত বিত্তীয় সাহায্যৰে প্ৰদান কেন্দ্ৰীয় সাহায্য প্ৰাপ্ত আঁচনি হিচাপে শ্ৰেণীবদ্ধ বি.এ.ডি.পি.ক, বাংলাদেশ আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুৰ্গম তথা দূৰূহ ঠাইসমূহত বসবাস কৰি থকা মানুহবিলাকৰ বিশেষ উন্নয়নমূলক প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে।
  • আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ০-১০ কিলোমিটাৰৰ ভিতৰত অৱস্থিত গাঁওসমূহক প্ৰাৰম্ভিক অৱস্থাত অগ্ৰাধিকাৰ দিয়া হৈছে।
  • বি.এ.ডি.পি.ৰ অধীনত উন্নয়ন আৰু সুৰক্ষা দুয়োটা দৃষ্টিভংগীৰ পৰাই বিবেচিত বিভিন্ন উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰা হৈছে আৰু অসমৰ সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলক সামৰি ভাল যোগাযোগ ব্যাৱস্থাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে।
  • এই কাৰ্য্যসূচীয়ে অসমত ৮ খন জিলা আগুৰি আছে, সেৱা হল - ধুবুৰী, বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, দক্ষিন শালমৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ।
  • সীমান্ত জ্ঞান আহৰণ আচঁনিঃ সীমান্ত জ্ঞান আহৰণ আচঁনি বি.এ.ডি.পি.ৰ অধিনত অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত, নগৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সীমান্তৰ গাওঁসমূহলৈ ভ্ৰমণ আৰু এই নগৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে তাত ঘৰুৱা ভাৱে থকাৰ ব্যাৱস্থা কৰাৰ দ্বাৰা জ্ঞান আৰু কৌশলৰ বিনিময় তথা মানৱ সম্পদ উন্নয়নমূলক কাম-কাজ কৰাৰ উদ্দেশ্য পৰিকল্পনা কৰা হৈছে।
  • আদৰ্শ গাওঁসমূহ - সীমান্ত অঞ্চলসমূহত বসবাস কৰি থকা মানুহ বিলাকৰ জীৱন ধৰনৰ মানদণ্ড আৰু উন্নত যোগাযোগ, উন্নত খাদ্য সুৰক্ষা, উন্নত পৌৰ আন্তঃগাঁঠনি যেনে-স্বাস্থ্য, শিক্ষা, পানী যোগান আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা আদিলৈ লক্ষ্য ৰাখি বি.এ.ডি.পি.ৰ অধীনত সীমান্ত অঞ্চলসমূহত আদৰ্শ গাঁৱৰ উন্নয়ন পৰিকল্পনা কৰা হৈছে। এখন কেন্দ্ৰীয় গাঁৱৰ চৌপাশে গাঁৱসমূহৰ এটা থূপ সৃষ্টি কৰি আৰু এই চৌপাশৰ গাঁওসমূহক সকলো বতৰৰে উপযোগী পথৰে সংলগ্ন কৰি আদৰ্শ গাঁওসমূহ সৃষ্টি কৰা হব। কেন্দ্ৰীয় গাওঁখন আদৰ্শ গাঁও হব আৰু সময়ৰ লগে লগে আদৰ্শ গাঁও খন আৰ্থ-সামাজিক কাৰ্য্যকলাপৰ কেন্দ্ৰ হোৱাৰ উপৰিও ইয়াৰ বাসিন্দা সকলৰ লগতে থূপৰ গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে ইয়াত নিয়োগৰ সুবিধা উপলব্ধ হব।

ত্ৰয়োদশ বিত্ত আয়োগৰ অধীনৰ কাৰ্য্যসূচীসমূহ

  • ১৩ তম বিত্ত আয়োগে বি.এ.ডি.পি.ৰ শৰীত ৰাজ্যখনত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে চাৰি বছৰৰ বাবে (সেৱা হল ২০১১-১২ৰ পৰা ২০১৪-১৫) ২৩০.০০ কোটি টকাৰ ধনৰাশি আগবঢ়াইছে, যাৰ ভিতৰত ভাৰত চৰকাৰে ১১৫.০০ কোটি টকা ইতিমধ্যে মোকলাই দিছে।
  • ১৩ তম বিত্ত আয়োগৰ দ্বাৰা ৮ খন জিলা, সেৱা হল - ধুবুৰী, বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি দক্ষিণ শালমৰা-মানকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ সামৰা হৈছে।
  • ১৩ তম বিত্ত আয়োগৰ অধীনৰ পুঁজিসমূহ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আঞ্চলসমূহৰ বিভিন্ন আন্তঃগাঁঠনি উন্নয়নমূলক কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হব।