মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

আন্তঃৰাজ্যিক সীমান্ত উন্নয়ন কাৰ্য্যকলাপসমূহ

ৰাজ্যসমূহৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন(SOPD) অনুষ্ঠানৰ অধীনত উন্নয়নমূলক কাম-কাজসমূহ

  • ৰাজ্যসমূহৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন অনুষ্ঠানসমূহৰ বিত্ত ১০০ শতাংশই ৰাজ্য চৰকাৰৰ দ্বাৰা যোগান ধৰা হয়।
  • নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, পশ্চিমবংগ আৰু ত্ৰিপুৰা আদি চুবুৰীয়া ৰাজ্যৰ সীমান্তৰ আটাইতকৈ দুৰ্গম অঞ্চলসমূহত বসবাস কৰা মানুহবিলাকে অনুভৱ কৰা প্ৰয়োজন সমূহ পূৰণ কৰাই এই অনুষ্ঠানৰ লক্ষ্য।
  • এই অনুষ্ঠানৰ অধীনত আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহৰ উন্নয়নৰ বাবে পথ সংযোগ, পানী যোগান ব্যাৱস্থা, শিক্ষা, সমূহীয়া গৃহ আদিৰ দৰে আন্তঃগাঠনি উন্নয়নমূলক কাম-কাজসমূহ গ্ৰহণ কৰা হয়।
  • এই অনুষ্ঠানটোৱে ২৪ খন জিলা আবৃত কৰিছে, সেইয়া হল - তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, চৰাইদেউ, ধেমাজি, লক্ষিমপুৰ, শিৱসাগৰ, শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, মৰিগাঁও, কামৰূপ (ম), কামৰূপ, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, গোৱালপাৰা, কোকৰাঝাৰ।